Monday 25 July 2011

বুনিয়াদলৈ স্বাগতম



    সৌম্য আৰু স্নিগ্ধতাৰে সমৃদ্ধ এই নসৰ্গৰ বোকোচাত টোপাটোপে সৰি পৰা নিয়ৰৰ তুহিন ৰ্স্পশই সিহঁৰিত কৰি তুলিছে আমাৰ হৃদয়ৰ কোঠালি। কহুৱা শেৱালিৰ শুভ্ৰতাৰে সমাহিত অনুভৱ বোৰে দিক্ বিদিক হেৰুৱাইছে অজানিতে ।
   সৌজন্যময়,সৌন্দৰ্যময় আৰু ঐশ্বৰ্যময় অযুত দিনৰ সপোনবোৰ আমি প্রোথিত কৰিব বিচাৰিছো সম্ভাৱনাময় সেউজ পথাৰত । শব্দ শস্যৰ সোনসেৰীয়া ভৰাঁল টনকিয়াল কৰিবৰ বাবে কৰ্ষন কৰিছো জীৱনৰ অনাবিল আকাংক্ষা । আমাৰ নিমাখিত ভাৱনাৰ সীৰলুত আপোনাৰ উৰ্বৰ সান্নিধ্যই এক নতুন দোকমোকালিৰ সন্ধান দিছে ।
    দহেচীয়া আশাৰ সীমনাত জিলিকি উঠিছে প্রাপ্তিৰ অৰ্মত্য জোনাক । এক উদ্ভাসিত অক্ষয় আৰু ঐশ্বৰ্যময় ভৱিষ্যতৰ বাবে গঢ় দিওঁ আহক জীৱনৰ বুনিয়াদ,নতুনৰ বুনিয়াদ ।।
    
                       

8 comments:

  1. অসমীয়া সাহিত্যত এক নৱ সংযোগ | "বুনিয়াদ" সৰ্বাঙ্গসুন্দৰ হওঁক আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰিলো|

    ReplyDelete
  2. বুনিয়াদলৈ আমাৰ আন্তৰিক শুভকামনা থাকিল |

    ReplyDelete
  3. বুনিয়াদ'ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো |

    ReplyDelete
  4. শুভেচ্ছা থাকিল..."বুনিয়াদ"ৰ যাত্ৰা সফল হওঁক

    ReplyDelete
  5. বেয়া নাপাব, (বুনিয়াদৰ এই ইন্টাৰনেট সংস্কৰণটোৰ)স্বাগতম পৃষ্ঠাটো অলপ সুন্দৰ হ'লে ভাল লাগিব । এতিয়া এই বাক্যটোত (এই খিনিতে আপোনালোকক জনাওঁ যে,বুনিয়াদ আলোচনীখন আমি শিশু এটি জন্ম হোৱাৰ পাছৰ পৰা মাকৰ মাতৃত্বই শিশুটি যেনেদৰে তুলিতালি ডাঙৰ দীঘল কৰে ঠিক সেইদৰে বুনিয়াদ আলোচনীখন গঢ়িবলৈ যত্ন কৰিছো )"বুনিয়াদ আলোচনীখন" দুবাৰ ব্য‌ৱহৃত হৈ বাক্যটো অশু‌ৱনী কৰিছে । বুনিয়াদে বানানৰ ক্ষেত্ৰত মন দিলে আমাৰ ভাল লাগিব ।'কৰিছোঁ','সন্নিবিষ্ট' আদি । 'বুনিয়াদ'লৈ শুভেচ্ছা যাঁচিছোঁ ।

    ReplyDelete
  6. বুনিয়াদ সমুহ কৰ্মীবৃন্দ'লৈ শুভেচ্ছা যাঁচিছোঁ।
    আপোনাৰ লোকৰ বুনিয়াদ উন্নতি কামনা লগতে নেদেখা জনে আগোৱাই যোৱাত সহায় কৰক,
    এই কামনাৰে আপোনাৰ লোকৰ মৰমৰ ছিনাকি ভাইটি
    শ্ৰী মনঞ্জিৎ দিহিঙ্গীয়া

    ReplyDelete