Monday 25 July 2011

বুনিয়াদলৈ স্বাগতম



    সৌম্য আৰু স্নিগ্ধতাৰে সমৃদ্ধ এই নসৰ্গৰ বোকোচাত টোপাটোপে সৰি পৰা নিয়ৰৰ তুহিন ৰ্স্পশই সিহঁৰিত কৰি তুলিছে আমাৰ হৃদয়ৰ কোঠালি। কহুৱা শেৱালিৰ শুভ্ৰতাৰে সমাহিত অনুভৱ বোৰে দিক্ বিদিক হেৰুৱাইছে অজানিতে ।
   সৌজন্যময়,সৌন্দৰ্যময় আৰু ঐশ্বৰ্যময় অযুত দিনৰ সপোনবোৰ আমি প্রোথিত কৰিব বিচাৰিছো সম্ভাৱনাময় সেউজ পথাৰত । শব্দ শস্যৰ সোনসেৰীয়া ভৰাঁল টনকিয়াল কৰিবৰ বাবে কৰ্ষন কৰিছো জীৱনৰ অনাবিল আকাংক্ষা । আমাৰ নিমাখিত ভাৱনাৰ সীৰলুত আপোনাৰ উৰ্বৰ সান্নিধ্যই এক নতুন দোকমোকালিৰ সন্ধান দিছে ।
    দহেচীয়া আশাৰ সীমনাত জিলিকি উঠিছে প্রাপ্তিৰ অৰ্মত্য জোনাক । এক উদ্ভাসিত অক্ষয় আৰু ঐশ্বৰ্যময় ভৱিষ্যতৰ বাবে গঢ় দিওঁ আহক জীৱনৰ বুনিয়াদ,নতুনৰ বুনিয়াদ ।।